About

চমু এষাৰ

এই অসমীয়া ডিজিটেল অভিধান নিৰ্মাণ প্ৰকল্পটো এক দশকতকৈও পুৰণি। www.assamesedictionary.com নামৰ আমাৰ website-টোৰ domain name-টো Google-ত বিচাৰি চালেই আপোনালোকে জানিব এইটো কিমান পুৰণি। এইটোক ছেদ নপৰাকৈ চলাই ৰখাৰ লগতে ইয়াৰ গুণ-মান ওপৰলৈ নিবৰ চেষ্টা চলি আহিছে আৰু চলি থাকিব। পিছে আমি এইটো দাবী নকৰো যে ভাষাটোক বিশ্বমুখী কৰাৰ এয়া আমাৰ বিৰাট কৰ্মযজ্ঞ। ভাষাৰ কাম আমাৰ আটাইতকৈ ভাল লগা কাম আৰু ইয়াৰ মাজত আমি টকা-পাইচা লাভৰ আশাও দেখো। যদিও এতিয়ালৈকে লোকচানৰ মাজেৰেহে আগুৱাইছো, পিছৰ দিনবোৰত লাভ পোৱাৰ সপোন ৰাখিছো। গতিকে তেনেই পোনপটীয়া কথাটো হ’ল- এইটো এটা ব্যৱসায়। কিন্তু এইটোৰ মাজেৰে আমি কৰা কামৰ পৰা ভাষাটোৰ আৰু ইয়াৰ ব্যৱহাৰকাৰীসকলৰ নিশ্চয় উপকাৰ হৈছে। ভাষালৈ বৰঙনিৰ ভিতৰত কিবা যদি ধৰিব পাৰি, তেন্তে এইটোৱে। ভাষাৰে আন বহুত ভাল কাম মূলধনৰ অভাৱত হাতত ল’ব পৰা নাই বা ভালকৈ চলাই নিব পৰা নাই। সৰহকৈ টকা-পইচা থকা কোনোবা লোকে দান-বৰঙনি দিলে বাঞ্ছনীয় আৰু শলাগনীয়। আমাৰ প্ৰডাক্টবোৰ কিনি বা সেইবোৰ কিনিবলৈ আনক কৈও সহায় কৰিব পাৰে। কিন্তু আকৌ কওঁ, এইটো আমাৰ ব্যৱসায়হে। আমাৰ মূল কথাবোৰ হ’ল -> প্ৰডাক্টবোৰ খুব ভাল কৰা, -> প্ৰডাক্টবোৰৰ ব্যৱহাৰকাৰীক ভাল গ্ৰাহকসেৱা আগ বঢ়োৱা -> ব্যৱহাৰকাৰীৰ মতামত চালি-জাৰি চাই এই প্ৰডাক্টবোৰৰ প্ৰয়োজনীয় সালসলনি কৰা।


সমলৰ ঋণ স্বীকাৰ


সহায় লোৱা অভিধান পুথি, ভাষা বিষয়ক পুথি তথা প্ৰসংগসূত্ৰ আৰু ইণ্টাৰনেটভিত্তিক তথ্যসূত্ৰৰ সংখ্যা অলেখ। অসমৰ পৰা প্ৰকাশিত প্ৰায় সকলোবোৰ ন-পুৰণি অসমীয়া অভিধান, Anglo-Assamese dictionary, বিজ্ঞান অভিধান, পৰিভাষা অভিধান, Oxford dictionary, Webster’s Encyclopedic Unabridged Dictionary, বড়ো-অসমীয়া শব্দকোষ, বাংলা ভাষাৰ কেইবাখনো অভিধানৰ সহায় লোৱা হৈছে। এইবোৰৰ উপৰি অৰুনোদইৰ সংকলনৰ দৰে প্ৰাচীন পুথি, আলোচনী, অসম বুৰঞ্জীৰ দৰে পুথিৰ পৰা সহায় লোৱা হৈছে। কিছুমান শব্দৰ সংজ্ঞা লিখোতে জড়িত বিষয়টোৰ ওজা মানুহৰ পৰা সহায় লোৱা হৈছে

Copyright

বি : দ্ৰ : এই ছফটৱেৰটোৰ সকলো তথ্য (data) আৰু কাৰিকৰী নিৰ্মাণ কপিৰাইট আইনৰ দ্বাৰা সুৰক্ষিত। ইয়াৰ অকৰ্তৃত্বশীল ব্যৱহাৰ বা পুনৰ ব্যৱহাৰ (reproduction) বা বিকৃতকৰণ হ’লে আইনখনৰ অধীনত সৰ্বাধিক পৰিমাণৰ দেৱানী আৰু অপৰাধিক শাস্তিৰ সন্মুখীন হ’ব পাৰে। এই সম্পৰ্কীয় যিকোনো গোচৰৰ বিচাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰা হ’ব। (This computer program is protected by copyright law. Unauthorized reproductions or distribution of this program, or any portion of it, may result in serve civil and criminal penalties, and will be prosecuted to maximal extent possible under the law. Any dispute, controversy or claim arising out of, relating to or in connection with this product shall be settled by honourable Guwahati High court).