Help

১। অসমীয়া শব্দ কেনেকৈ চাব পাৰি?
ইয়াৰ Search box-টোত অসমীয়া আখৰ লিখিলে অসমীয়া শব্দ দেখা পাব আৰু ইংৰাজী আখৰ লিখিলে ইংৰাজী শব্দ দেখা পাব। এই ছফটৱেৰটোত অসমীয়া শব্দ চাবলৈ বা অসমীয়া লিখিবলৈ কম্পিউটাৰত অসমীয়া লিখাৰ সুবিধা থাকিব লাগিব। (নাথাকিলে আমাক যোগাযোগ কৰিব পাৰে)।

২। ফণ্ট আৰু look-টো কেনেকৈ সলনি কৰিব পাৰি?
ফণ্টৰ আকাৰ সলনি কৰাৰ বাবে Search box-টোৰ কাষতে দুটা আইকন দেখিব। এই icon-কেইটাই কাম নকৰিলে, ছেটিংছত গৈ নিজৰ পচন্দৰ ফণ্ট আৰু ইয়াৰ জোখ নিৰ্ণয় কৰিব পাৰে।
ছেটিংছত অন্যান্য সুবিধা আছে আৰু তাৰ ভিতৰত dictionary-খনৰ look-টো সলনি কৰাৰ সুবিধাও এটা। আপুনি পচন্দমতে Theme change কৰিব পাৰে।

৩। অসমীয়া শব্দবোৰৰ উচ্চাৰণ কিয় শুনিব নোৱাৰি?
ইয়াত উচ্চাৰণৰ বাবে Microsoft API ব্যৱহাৰ কৰা হৈছে, যিটো অসমীয়াৰ বাবে উপলব্ধ নহয়। অসমীয়াৰ বাবে উপলব্ধ হোৱাৰ লগে লগে আমি সেইটো দিয়াৰ চেষ্টা কৰিম।

৪। একেটা মেচিনৰ বাবে বাৰে বাৰে কিনিব লাগিব নেকি?
যিটো কম্পিউটাৰত activate কৰা হৈছে, তাত চিৰদিন ব্যৱহাৰ কৰি থাকিব পাৰিব। কিন্তু বেলেগত নোৱাৰিব। অৰ্থাৎ ই single user; কিন্তু একেটা মেচিনত বাৰে বাৰে ইয়াক install কৰিব পাৰিব। মেচিন format কৰিলেও বা hard disk সলনি কৰিলেও ইয়াক পুনৰ সেইটো মেচিনত একেটা activation key-ৰে activate কৰিব পাৰিব। (পিছত ব্যৱহাৰৰ বাবে activation key-টো ভালদৰে সংৰক্ষণ কৰি থ’ব)।

৫। Activation key টো হেৰাল। আকৌ কেনেকৈ পাম?
Activation key-টো ভালকৈ সংৰক্ষণ কৰা উচিত। যিকোনো সময়ত ছফটৱেৰটো uninstall কৰিলে বা কম্পিউটাৰটো format কৰিলে পুনৰ install কৰাৰ সময়ত ইয়াক দৰকাৰ হ’ব। কিন্তু যদি তাৰ পিছতো এইটো আপুনি হেৰুৱাইছে, চিন্তাৰ কোনো কাৰণ নাই। Activation key-টো পুনৰ বিচাৰি নিজৰ registered email ID-ৰ পৰা আমালৈ মেইল কৰিব পাৰে। বা নিজৰ registered ম’বাইল নম্বৰৰ পৰা What’s App কৰিব পাৰে।

৬। য়, ড়, ঢ় -এই তিনিটা আখৰ থকা শব্দবোৰ বিচাৰোতে কিয় সাৱধান হ’ব লাগে?
য়, ড়, ঢ় এইকেইটা আখৰৰ Unicode-ত দুটা ভিন্নতা আছে বাবে এইকেইটা আখৰ থকা শব্দ search কৰোতে সাৱধান হ’ব, অন্যথা শব্দবোৰ নেদেখিব পাৰে। আমাৰ ছফটৱেৰটোত এইকেইটা আখৰৰ অন্যটো ৰূপ (য়, ড়, ঢ়), অৰ্থাৎ তলৰ ফুটটো পৃথককৈ দিয়া ৰূপটো ব্যৱহাৰ কৰা হোৱা নাই। গতিকে কায়, গড়, গঢ় এই ৰূপবোৰ ক্ৰমে কায়, গড়, গঢ় এইদৰে টাইপ কৰিলেহে পাব।

৭। installation-ৰ অসুবিধা হ’লে কি কৰিব লাগিব?
এই ছফটৱেৰটো c# লেংগুৱেজত লিখা হৈছে আৰু ইয়াক আটাইবোৰ Windows কম্পিউটাৰত install কৰিব পাৰি। ইয়াক ৰান কৰিবলৈ Microsoft Dot Net Framework 4.5.6 প্ৰয়োজন, যিটো Windows operating system-ৰ লগতে মেচিনত install হৈ যায়। কিন্তু কেতিয়াবা সেইটো বাদ দিও Windows-টো install কৰা হয়। তেনেস্থলত ইয়াক পুনৰ install কৰি দিলেই ABD software-টো install আৰু run কৰিব পৰা যাব।

আপোনাৰ কম্পিউটাৰত ইণ্টাৰনেট সংযোগ কৰি Microsoft-ৰ ৱেবছাইটৰ পৰা এইটো download কৰি ল’ব পাৰে। তাৰ পিছতো অসুবিধা পালে ABD-ৰ developer-ক যোগাযোগ কৰিব পাৰে।

৮। শব্দ বিচাৰি নাপালে developer-ক যোগাযোগ কৰিব পাৰিনে?
হয়, এইটো কৰি আপুনি অভিধানখন অধিক উন্নত হোৱাত সহায় কৰিব পাৰে। ইয়াত থকা যোগাযোগৰ email ID ব্যৱহাৰ কৰি বা What’s App নম্বৰ ব্যৱহাৰ কৰি সেইটো কৰিব পাৰে।
যোগাযোগ নম্বৰ : (+91) 7002030550

১। এবাৰ কিনাৰ পিছত ম’বাইলটো সলালে কি হ’ব?
কোনো অসুবিধা নহয়। পুনৰ একেটা Gmail ID ম’বাইলটোত synchronize কৰক আৰু পুনৰ Play Store-লৈ গৈ durlav gogoi বুলি সন্ধান কৰক। তাত দেখুওৱা Assamese Dictionary New বুলি থকা এপটো install কৰক।

২। ম’বাইলটো ফৰ্মেট কৰিলে আকৌ কিনিব লাগিব নেকি?
নালাগে। এই ক্ষেত্ৰত ১ নম্বৰৰ নিৰ্দেশনাটো অনুসৰণ কৰক।

৩। পেইমেণ্ট হ’ল কিন্তু এপটো ডাউনল’ড নহ’ল, কি কৰা যায়?
কেতিয়াবা এনেকুৱা হয়। সাধাৰণতে ক্ৰয় প্ৰক্ৰিয়াটো চলি থাকোতে নেটৱৰ্কৰ সমস্যা বা আন কোনো ডিষ্টাৰ্ব হ’লে এনেকুৱা হয়। তেনেস্থলত আপোনাৰ টকা কটা গ’লেও এপটো আকৌ কিনিবলৈ দেখুৱায় থাকিব, যিহেতু Play Store-এ মূল্যটো পোৱা নাই। এনেকুৱা হ’লেও চিন্তা কৰিব লগীয়া একো নাই। এই টকাটো পুনৰ আপোনাৰ একাউণ্টত ঘূৰাই দিয়া হ’ব। সাধাৰণতে 24 ঘণ্টা সময়ৰ ভিতৰত এইটো ঘূৰি আহে।


৪। পুনৰ কিনিম নে টকাটো ঘূৰি অহালৈ অপেক্ষা কৰিম?
আপুনি টকাটো ঘূৰি সোমোৱালৈ অপেক্ষা কৰিব পাৰে। বা তাৰ আগতেই আকৌ কিনিব পাৰে। দুবাৰ কটা গ’লেও এবাৰৰ পইচা ঘূৰি আহিব। এইটোৰ ক্ষেত্ৰত 100% নিশ্চিত থাকক।


৫। নিজৰ ম’বাইলত থকা অসমীয়া কীপেড ব্যৱহাৰ কৰিব খোজো, পাৰিমনে?
হয় পাৰিব। তাৰ বাবে ছেটিংছত গৈ Phone keyboard নিৰ্বাচন কৰি Save কৰি দিয়ক।

৬। ইয়াৰ কম্পিউটাৰ সংস্কৰণটো কেনেকৈ কিনিব?
এই ৱেবছাইটটোৰ Download-ত গৈ তাৰ পৰা Download PC version-অত ক্লিক কৰক আৰু ডাউনল’ড কৰক।

৭। ম’বাইল সংস্কৰণ আৰু কম্পিউটাৰ সংস্কৰণ দুটা একে নে?
হয়, একে। ম’বাইল সংস্কৰণৰ 2.5 আৰু কম্পিউটাৰ সংস্কৰণ 4.0 একেখিনি শব্দ ভাণ্ডাৰেৰে প্ৰস্তুত কৰা হৈছে।

অধিক জানিবৰ বাবে What’s app নম্বৰ : 7002030550.